আকাশবাণীৰ বাতৰিয়ে ভাৰতৰ সবাতোকৈ বিশ্বাসযোগ্য বাতৰি ব্ৰেণ্ড হিচাপে স্বীকৃতি লাভ কৰিছে। অক্সফোর্ড বিশ্ববিদ্যালয়ৰ ৰয়টাৰ্ছ ইনষ্টিটিউট ফৰ দা ষ্টাডি অৱ জাৰ্নেলিমৰ শেহতীয়া জৰীপেৰে দেশৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰখনত আকাশবাণীৰ বাতৰিৰ শ্ৰেষ্ঠত্ব নিশ্চিত কৰিছে। ডিজিটেল বাতৰি প্ৰতিবেদন-২০২৪ৰ অংশ হিচাপে প্রকাশিত এই বার্ষিক প্রতিবেদনে বিশ্বাসযোগ্যতাৰ ভিত্তিত দেশৰ অন্যান্য প্রতিষ্ঠিত সংবাদ গোষ্ঠীসমূহৰ তুলনাত আকাশবাণীৰ বাতৰিয়ে বহু ওপৰত স্থান লাভ কৰিছে। এই উল্লেখযোগ্য সাফল্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ চেহগালে এই স্বীকৃতিক সকলো ধৰণৰ পৰিস্থিতিত সম্পূৰ্ণ সত্য আৰু বিশ্বাসযোগ্য বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত আকাশবাণীৰ বাতৰিৰ প্ৰতিশ্ৰুতিবদ্ধতাকেই সূচাইছে বুলি মন্তব্য কৰিছে। শ্রীচেহগালে আকাশবাণী চৌহদত আয়োজিত যোগ দিৱস উদযাপন কাৰ্য্যসূচীতো অংশগ্ৰহণ কৰে। এই উপলক্ষে আকাশবাণীৰ বিষয়া-কৰ্মচাৰীসকলে যোগ আৰু ধ্যানৰ কাৰ্য্যসূচীত ভাগ লয়। কাৰ্য্যসূচীত আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীয়েও অংশগ্ৰহণ কৰে।
Assamese | June 21, 2024 8:31 PM | Akashvani Most Popular News
আকাশবাণীৰ বাতৰিক ভাৰতৰ সবাতোকৈ বিশ্বাসযোগ্য বাতৰি ব্ৰেণ্ড হিচাপে স্বীকৃতি প্ৰদান