আই পি এল ক্রিকেট প্রতিযোগিতাৰ গুৱাহাটীত হ’বলগীয়া প্ৰথমখন খেলৰ বাবে পাঞ্জাব কিংছৰ খেলুৱৈসকল বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি। দিনৰ ৩.৩০ বজাত এখন বিশেষ বিমানযোগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দলটো উপস্থিত হয়। আঘাতৰ সমস্যাৰ বাবে শিখৰ ধৱনৰ বাদে দলটোৰ আন সকলো খেলুৱৈ গুৱাহাটীত উপস্থিত হৈছে। উল্লেখ্য যে ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত পাঞ্জাব কিংছৰ বিৰুদ্ধে আৰু ১৯ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে বর্ষাপাৰা ষ্টেডিয়ামত অৱতীৰ্ণ হ’ব। দুয়োখন খেলৰ বাবে কাইলৈ ৰাজস্থান ৰয়েলছ দলটো গুৱাহাটীত উপস্থিত হ’ব।
Assamese | May 12, 2024 7:11 PM | IPL Cricket
আই পি এল ক্রিকেট প্রতিযোগিতাৰ বাবে পাঞ্জাব কিংছৰ খেলুৱৈসকল গুৱাহাটীত উপস্থিত