পাঞ্জাব কিংছ আজি চণ্ডিগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। ইপিনে, চেন্নাই ছুপাৰ কিংছে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি কলকাতাই নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাইয়ে ১৭ অভাৰ আৰু ৪টা বলত ৩টা উইকেট হেৰুৱাই ১৪১ ৰাণ কৰে ৷
Assamese | April 9, 2024 6:36 PM | IPL 2024
আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ