আই পি এল টি টুৱেন্টি ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া লক্ষ্ণৌৰ ইকানা ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ’ব। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিজৰ ছয়খন খেলৰ চাৰিখনত জয়লাভ কৰি পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। ইয়াৰ বিপৰীতে চেন্নাই ছুপাৰ কিংছ নিজৰ ছখন খেলৰ মাত্ৰ এখনতহে জয়ী হৈছে আৰু পইণ্ট তালিকাৰ একেবাৰে শেষত আছে।
যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ১২ ৰানত দেলহী কেপিটেলছক পৰাস্ত কৰে। প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে ৫ উইকেটৰ বিনিময়ত ২০৫ ৰান কৰে। দলটোৰ হৈ তিলক বার্মাই ৩৩ টা বলত ৫৯ ৰান কৰে। প্ৰত্যুত্তৰত দেলহি কেপিটেলছে ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৯৩ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ কৰুণ নায়াৰে ৪০ টা বলত ৮৯ ৰান সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ তিনিটা উইকেট দখল কৰা কৰ্ণ শৰ্মাক প্লেয়াৰ অফ দা মেচ ঘোষণা কৰা হয়।
কালি জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খেলি ৰাজস্থান ৰয়েলছ ৯ উইকেটত পৰাস্ত হয়। জয়ৰ বাবে ৰাজস্থান ৰয়েলছে ১৭৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল আৰু ৰয়েল চেলঞ্জাৰ্ছ বেংগালুৰুৱে ১৭ অভাৰ ৩টা বলতে মাত্র ১টা উইকেট হেৰুৱাই ১৭৫ ৰান কৰি বিজয় সাব্যস্ত কৰে।
Assamese | April 14, 2025 2:53 PM | IPL 2025
আই পি এল ক্রিকেট প্রতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছ