ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আইয়ে চলিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ বাকী থকা খেলসমূহ এসপ্তাহৰ বাবে তাৎক্ষণিকভাৱে বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ সামৰিক গতিবিধি বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ কাশ্মীৰ খণ্ডত শেহতীয়াকৈ সীমান্ত এলেকাৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে বি চি চি আইয়ে এই সিদ্ধান্ত লয়। বি চি চি আইয়ে আজি বিয়লি এটা বিবৃতি জাৰি কৰি কয়, যে পৰিস্থিতিৰ সামগ্ৰিক পৰ্যালোচনাৰ পাছত সংশ্লিষ্ট কর্তৃপক্ষ আৰু অংশীদাৰসকলৰ সৈতে পৰামৰ্শ কৰি খেলৰ পৰৱৰ্তী সময় আৰু স্থানৰ সবিশেষ তথ্য প্ৰকাশ কৰা হ’ব৷ আই পি এলৰ গভর্নিং কাউন্সিলে ইয়াৰ ফ্ৰেন্সাইজি প্রতিনিধিসকলকে ধৰি মুখ্য অংশীদাৰীসকলৰ সৈতে আলোচনাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰে।
Assamese | May 9, 2025 9:00 PM | IPL Cricket Postponed
আই পি এল ক্রিকেটৰ বাকী থকা খেলসমূহ এসপ্তাহৰ বাবে তাৎক্ষণিকভাৱে বাতিলৰ ঘোষণা