আই পি এল ক্রিকেট প্রতিযোগিতাত আজি লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ’ব। ইপিনে, কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত দেলহী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে। দেলহী কেপিটেলছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে ১৬ অ’ভাৰ আৰু ৩টা বলত ৩টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়।
Assamese | April 30, 2024 7:06 PM | IPL
আই পি এল ক্রিকেটত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ খেল