লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১৪৫ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু দুটা বলত ছটা উইকেট হেৰুৱাই নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হয়। লক্ষ্ণৌৰ হৈ মাৰ্কাছ ষ্টয়নিছে ৪৫টা বলত ৬২ ৰাণ কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময় ১৪৪ ৰাণ কৰে। মুম্বাইৰ হৈ নেহাল ৱধোই ৪১টা বলত ৪৬ ৰাণ কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মোহছিন খানে দুটা উইকেট দখল কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ কালিৰ জয়ৰ পাছত প্ৰতিযোগিতাৰ পইণ্ট তালিকাত পঞ্চমৰ পৰা তৃতীয় স্থানলৈ উন্নীত হৈছে। মুম্বাই ইণ্ডিয়ানছ বৰ্তমান নৱম স্থানত আছে। প্রতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত পাঞ্জাব কিংছ, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | May 1, 2024 1:08 PM | IPL Cricket
আই পি এল ক্রিকেটঃ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৪ উইকেটত জয়ী লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ