কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা কলকাতাত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ১৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভেংকটেছ আয়াৰৰ ২১টা বলত কৰা ৪২ ৰানৰ সহায়ত ১৬ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫৭ ৰান কৰে। মুম্বাইৰ হৈ যশপ্রীত বুমৰাহ আৰু পীয়ুষ চাৱলাই দুটাকৈ উইকেট দখল কৰে। বৰষুণৰ বাবে খেলখন আৰম্ভ হোৱাত বিলম্ব ঘটে আৰু খেলখন ১৬ অভাৰলৈ হ্ৰাস কৰা হয়। প্ৰত্যুত্তৰত মুম্বাইৰ ইণ্ডিয়ানছ দলে ১৬ অভাৰত ৮টা উইকেট হেৰুৱাই ১৩৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ অপেনাৰ ঈশান কিষানে ২২টা বলত ৪০ ৰান কৰে । কলকাতা নাইট ৰাইডাৰ্ছৰ হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী আৰু আন্দ্ৰে ৰাছেলে দুটাকৈ উইকেট দখল কৰে। প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ’ব। চেন্নাইৰ এম. এ. চিদাম্বৰত ষ্টেডিয়ামত বিয়লি ৩.৩০ বজাত হ’বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত হ’বলগীয়া দ্বিতীখখন খেলত দেলহি কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ’ব।
Assamese | May 12, 2024 12:21 PM | IPL Cricket
আই পি এল ক্রিকেটঃ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১৮ ৰানত জয়ী কলকাতা নাইট ৰাইডাৰ্ছ