আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি গুজৰাট টাইটানছ – ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৭ উইকেটত জয়ী হৈছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ছৈত জিকি প্রথমে বেটিং কৰিবলৈ নমা হায়দৰাবাদে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬২ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ অভিষেক শৰ্মা আৰু আব্দুল ছামাদে সৰ্বাধিক ২৯ ৰানকৈ কৰে। মোহিত শৰ্মাই গুজৰাটৰ হৈ সৰ্বাধিক ৩টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত গুজৰাটে ৫টা বল বাকী থকা অৱস্থাত ৩টা উইকেট হেৰুৱাই বিজয়লক্ষ্যত উপনীত হয়। সাই সুদৰ্শনে ৪৫ আৰু ডেভিদ মিলাৰে ৪৪ ৰান কৰে । ইপিনে প্রতিযোগিতাৰ আন এখন খেলত ডেলহি কেপিটেলছ -চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হৈছে।
Assamese | March 31, 2024 8:13 PM | IPL Cricket
আই পি এল ক্রিকেটঃ গুজৰাট টাইটানছ – ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৭ উইকেটত জয়ী