আই পি এল ক্রিকেট প্রতিযোগিতাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে – গুজৰাট টাইটানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুয়ে ২০১ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰত এটা উইকেট হেৰুৱাই ২০৬ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। বেংগালুৰুৰ হৈ উইল জেকচে সৰ্বাধিক ১০০ ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে ৭০ ৰাণ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে বেংগালুৰুয়ে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আনহাতে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কিছুসময়ৰ পাছত হবলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ- চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হৈছে।
Assamese | April 28, 2024 7:56 PM | IPL Cricket
আই পি এল ক্রিকেটঃ গুজৰাট টাইটানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ৯ উইকেটত জয়লাভ