আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হোৱা এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছান ৰাইজাৰ্ছ হায়দাবাদক ৪ উইকেটত পৰাস্ত কৰে। ১৬৩ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা মুম্বাইৰ দলটোৱে ১৮ অভাৰ আৰু এটা বলতেই ৬টা উইকেট হেৰুৱাই ১৬৬ ৰান কৰি বিজয় সাব্যস্ত কৰে। বলৰ হৈ উইল জেকে ২৬টা বলত ৩৬ ৰান আৰু অধিনায়ক হার্দিক পাণ্ডিয়াই মাত্র ৯টা বলত ২১ ৰান কৰে। ইয়াৰ পূৰ্বে ছান ৰাইজাৰ্ছ হায়দাবাদে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৬০ ৰান সংগ্ৰহ কৰে। দলৰ হৈ অভিষেক শৰ্মাই সৰ্বাধিক ৪০ ৰানৰ বৰঙণি আগবঢ়ায়। মুম্বাইৰ হৈ উইল জেকে দুটা উইকেট লাভ কৰে । জেকক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ৷
প্রতিযোগিতাত আজি বেংগালুৰুৰ এম ছিন্নস্বামী ষ্টেডিয়ামত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। দুয়োটা দলেই ৬ খনকৈ খেলৰ পৰা বৰ্তমান ৮ পইণ্টকৈ লাভ কৰি আছে। অৱশ্যে উন্নত ৰান ৰেটৰ বাবে পইণ্ট তালিকাত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু তৃতীয় স্থানত আৰু পাঞ্জাৱ কিংছ চতুৰ্থ স্থানত আছে।
Assamese | April 18, 2025 10:42 AM
আই পি এলত ছান ৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ জয়লাভ