April 26, 2024 12:07 PM | IPL Cricket

printer

আই পি এলত আজি কলকাতাত পাঞ্জাৱ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ‘বলগীয়া এখন খেলত পাঞ্জাৱ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ‘ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ‘ব।

আনহাতে যোৱানিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৫ ৰানত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০৭ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৭১ ৰানহে কৰিবলৈ সমর্থ হয়। হায়দৰাবাদৰ হৈ শ্বাহৰাজ আহমেদে সর্বাধিক ৪০ ৰান কৰি অপৰাজিত হৈ ৰয়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ কেমকন গ্রীণ, কর্ণ শৰ্মা আৰু স্বপ্নীল সিঙে দুটাকৈ উইকেট দখল কৰে। যশ দয়াল আৰু উইল জেকছে এটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২০৬ ৰান কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ বিৰাট কোহলীয়ে ৫১, বজত পাটিদাবে ৫০ আৰু কেমকন গ্রীণে অপৰাজিত ৩৭ ৰান কৰে। ৰজত পাচিদাৰক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ জয়দেব উনাদকটে তিনিটা, টি নটৰাজনে দুটা আৰু ময়ং মাৰকণ্ডে আৰু পেট কামিন্সে এটাকৈ উইকেট লাভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।