কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভাৰত-তীব্বতীয় সীমান্ত আৰক্ষী আই টি বি পি বিশ্বৰ পঞ্চমটো ওখ শৃংগ মাউণ্ট মাকালু আৰোহণ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে আই টি বি পিৰ বিষয়াসকলে শৃংগটোত ত্ৰিৰংগ পতাকা উৰুওৱাৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে উদ্বুদ্ধ হৈ অতি প্ৰতিকূল বতৰৰ মাজতো ১৫০ কিলোগ্রাম আৱৰ্জনা আঁতৰ কৰে। তেওঁ বাহিনীটোৰ সাহস আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰশংসা কৰে।
Assamese | May 16, 2025 7:53 PM | ITBP-Home Minister
আই টি বি পিয়ে ওখ শৃংগ মাউণ্ট মাকালু আৰোহণ কৰাৰ বাবে গৃহমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন