June 9, 2026 12:15 PM | ICC Cricket

printer

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰস্তুতিমূলক খেলত ৱেষ্ট ইণ্ডিজক ভাৰতৰ ২৬ ৰানত পৰাস্ত

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন প্ৰস্তুতিমূলক খেলত কালি ভাৰতে ৱেষ্ট ইণ্ডিজক ২৬ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৭৯ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ভাৰতী ফুলমালিয়ে ৪০ টা বলত ৫৬ ৰান কৰি আউট নোহোৱাকৈ থাকে। স্মৃতি মান্ধানাই ৩৯ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত ৮ উইকেটৰ বিনিময়ত ১৫৩ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্রেয়াংকা পাৰ্টিলে ৪ টা আৰু ৰাধা যাদৱে ৩ টা উইকেট দখল কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।