সমাগত আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলটো আজি ডুবাই অভিমুখে ৰাওনা হৈছে। ভাৰতে অহা ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব। ইয়াৰ পাছতে ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে আৰু ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আঘাতৰ বাবে যশপ্রীত বুমৰাক দলত অন্তৰ্ভুক্ত নকৰা হেতুকে আশদ্বীপ সিং আৰু হৰ্ষিত ৰাণাই খেলাৰ সুযোগ লাভ কৰিছে। দলত স্পীনাৰ বৰুণ চক্ৰৱৰ্তীকো স্থান দিয়া হৈছে।
Assamese | February 15, 2025 7:53 PM | Indian Cricket Team
আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় ক্রিকেট দল ডুবাই অভিমুখে ৰাওনা