ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ ক্ৰিকেট দললৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুর্মুৱে কয়, যে বিশ্বৰ একমাত্ৰ দলৰূপে ভাৰতে তৃতীয়বাৰলৈ চেম্পিয়নছ ট্ৰফীত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই কৃতিত্বৰ বাবে খেলুৱৈ তথা দলৰ ব্যৱস্থাপক, সহযোগী-সকলো সৰ্বোচ্চ প্ৰশংসাৰ দাবীদাৰ ।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ এই জয়ক অসাধাৰণ অভিহিত কৰি প্ৰতিযোগিতাখনত দলটোৱে অতি সুন্দৰ প্ৰদৰ্শন কৰা বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই জয় ঐতিহাসিক বুলি মন্তব্য কৰি ভাৰতৰ ক্ৰিকেট দলক অভিনন্দন জনায়। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ লগতে কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ, মনসুখ মন্দাভিয়া, জীতেন্দ্ৰ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও ৰোহিত শর্মা নেতৃতাধীন চেম্পিয়ন দলটোলৈ অভিনন্দন জ্ঞাপন কৰে। কংগ্ৰেছ সভাপতি মল্লিকার্জুন খৰ্গেই দলটোলৈ শুভেচ্ছা জনাই এই বিজয়ে ১৪০ কোটি ভাৰতীয় গর্বিত কৰা বুলি উল্লেখ কৰে।
Assamese | March 10, 2025 8:34 PM | Cricket Congratulation
আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ ক্ৰিকেট দললৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন