ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ মুম্বাই ফুটবল এৰিনাত অনুষ্ঠিত এখন খেলত কালি পাঞ্জাব ফুটবল ক্লাৱে মুম্বাই চিটী ফুটবল ক্লাৱক ৩-০ গ’লত পৰাস্ত কৰে। পাঞ্জাৱৰ হৈ ইজেকুৱেল ভিডাল, লুকা মাজচেন আৰু মুছাগা বাকেংগাই এটাকৈ গ’ল দি দলৰ বিজয় নিশ্চিত কৰে। এয়া হ’ল প্ৰতিযোগিতাৰ চলিত সংস্কৰণত ঘৰুৱা মাটিত মুম্বাইৰ প্ৰথম পৰাজয়। প্ৰতিযোগিতাত আজি কলকাতাৰ কিশোৰ ভাৰতী ক্রীড়াংগনত হ’বলগীয়া এখন খেলত বেংগালুৰু ফুটবল ক্লাৱ মহম্মেদান স্প’র্টিং ক্লাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ’ব।
Assamese | November 27, 2024 11:46 AM | ISL
আই এছ এল ফুটবল প্রতিযোগিতা এখন খেলত মুম্বাই চিটী ফুটবল ক্লাবৰ বিৰুদ্ধে পাঞ্জাব ফুটবল ক্লাবৰ জয়