March 9, 2025 11:38 AM | ISL Football league

printer

আই এছ এল ফুটবল প্রতিযোগিতাত আজি চেন্নায়িন ফুটবল ক্লাব জামছেদপুৰ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

নর্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবে যোৱা নিশা শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত ইষ্ট বেংগলক ৪-০ গলত পৰাস্ত কৰে। একেদৰে মোহনবাগান ছুপাৰ জায়েণ্টে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগণত অনুষ্ঠিত প্রতিযোগিতাৰ আন এখন খেলৰ গোৱা ফুটবল ক্লাবক ২-০ গলত পৰাভূত কৰে। দলটোৱে বৰ্তমানলৈকে ৫৬ পইণ্ট অৰ্জন কৰিছে। প্ৰতিযোগিতাত আজি চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত চেন্নায়িন ফুটবল ক্লাব জামছেদপুৰ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।