আই আই টি গুৱাহাটীত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথন আজি পুৱা সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ অধ্যক্ষ ড° টি জি সীতাৰামে উদ্বোধন কৰে। হেকাথনত মুঠ ২০ টা দলে অংশগ্ৰহণ কৰিছে। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি দেশৰ মুঠ ৫১টা কেন্দ্ৰত হেকাথনৰ সপ্তম সংস্কৰণৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠান ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত যুৱ উদ্ভাৱকসকলৰ সৈতে মত-বিনিময় কৰিব। অনুষ্ঠানত এহেজাৰ তিনিশতকৈও অধিক শিক্ষাৰ্থীৰ দলে অংশগ্রহণ কৰিব। স্মার্ট ইণ্ডিয়া হেকাথন হৈছে শিক্ষাৰ্থীসকলে দৈনন্দিন জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে এখন মঞ্চ প্ৰদান কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তুলিবলৈ দেশজুৰি গ্ৰহণ কৰা এটা পদক্ষেপ।
Assamese | December 11, 2024 2:47 PM | 2024 | SMART INDIA HACKATHON
আই আই টি গুৱাহাটীত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথনত মুঠ ২০ টা দলে অংশগ্ৰহণ কৰিছে