ভাৰতীয় প্ৰযুক্তি বিজ্ঞান প্রতিষ্ঠান ইন্দোৰৰ পৰা ৯ দশমিক ৪-৫ চি জি পি এৰে অসমৰ কৃশাংগী কাশ্যপে শীৰ্ষত আৰোহণ কৰিছে। আই আই টি ইন্দোৰৰ জ্যোর্তিবিজ্ঞানৰ ছাত্ৰী অসমৰ কৃশাংগী কাশ্যপে এস্ট্রোনমী, এস্ট্রোফিজিকছ এণ্ড স্পেচ ইঞ্জিনীয়াৰিং বিষয়ৰ স্নাতকোত্তৰ পৰীক্ষাত সৰ্বমুঠ ৯ দশমিক ৪-৫ চি জি পি এৰে আই আই টি টপাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি বৰপেটাত বাস কৰা পাঠশালাৰ ৰহাধৰ বীৰকলা গাঁৱৰ হিতেশ শৰ্মা আৰু কৰবী শৰ্মাৰ কন্যা কৃশাংগীয়ে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্রী লাভ কৰে। ছাত্ৰীগৰাকীৰ গৱেষণাৰ বিষয় আছিল চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি। উল্লেখ্য যে মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ উদ্যোগত আমেৰিকাৰ টেক্সাছত যোৱা মাহত অনুষ্ঠিত এল-পি-এছ-চি ৫৫, ২০২৪ত যোগদানেৰে কৃশাংগীয়ে ভাৰতক গৌৰৱান্বিত কৰে।
Assamese | May 22, 2024 10:33 AM | Krishangi Kashyap
আই আই টি ইন্দোৰৰ পৰা ৯.৪৫ চি জি পি এৰে অসমৰ কৃশাংগী কাশ্যপৰ শীৰ্ষস্থান