গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰাংগনত অহা ৭ জুনৰ পুৱা ৬ বজাৰ পৰা ছানডেজ অন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বাইচাইকেল দিৱস, ২০২৬-ৰ ৭৭ সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জনসাধাৰণক এটা সুস্থ আৰু সক্ৰিয় জীৱনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ ফিট ইণ্ডিয়া অভিযানৰ অধীনৰ নিয়মীয়াকৈ ছানডেজ অন চাইকেল কার্যসূচী অনুষ্ঠিত হৈ আহিছে। কাৰ্যসূচীৰ অংশ হিচাপে চাইকেল সমদল, জুম্বা আৰু যোগ অনুশীলন আদি অনুষ্ঠিত হ’ব।
Assamese | June 5, 2026 12:34 PM | World cycle day
অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰাংগনত অহা ৭ জুনৰ পুৱা ছানডেজ অন চাইকেল কাৰ্যসূচী