October 26, 2026 11:53 AM | Lovlina Borgohain

printer

অৰ্জুন ভোগেশ্বৰ বৰুৱাক সাক্ষাৎ লাভলীনা বৰগোহাঁইৰ

এছিয়ান গেমছৰ স্বৰ্ণজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে কালি শিৱসাগৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লয়। ১৯৬৬ চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছত স্বর্ণ পদক জয় কৰি গৌৰৱ কঢ়িয়াই অনা অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু নতুন প্ৰজন্মৰ ক্ৰীড়া প্রতিভা লাভলীনা বৰগোহাঁইয়ে ক্রীড়া বিষয়ক বিভিন্ন কথা আলোচনা কৰে। বর্ষীয়ান ক্রীড়াবিদগৰাকীয়ে লাভলীনা বৰগোহাঁইয়ে অসমৰ বাবে অনাগত দিনত অধিক স্বর্ণ পদক জয় কৰিব বুলি আশা প্রকাশ কৰে। লাভলীনাই ভোগেশ্বৰ বৰুৱাৰ পৰা লাভ কৰা অনুপ্ৰেৰণা আৰু আশীর্বাদে তেওঁক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিছে বুলি মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।