প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে জনাদেশ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণক বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰি পুনৰ শাসনভাৰ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, ৰাজ্যখনৰ বিকাশৰ বাবে দলটোৱে অধিক শক্তিৰে কাম কৰি যাব। তেওঁ লগতে সমগ্ৰ ৰাজ্যতে জনসাধাৰণ সৈতে সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে বিজেপিৰ নেতা-কৰ্মীসকলৰ পৰিশ্ৰমক প্ৰশংসা কৰিছে।
Assamese | June 2, 2024 9:10 PM | Arunachal Pradesh Assembly Election
অৰুণাচল প্ৰদেশৰ জনসাধাৰণক ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে জনাদেশ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদ জ্ঞাপন