বিগত কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশত নেৰানেপেৰাকৈ প্ৰৱল বৰষুণ অব্যাহত আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ পূব কামেং, পাপুমপাৰে আৰু ল’ৱাৰ দিবাং ভেলী জিলাত ৰেড এলার্ট জাৰি কৰিছে। একেদৰে ৯ খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু বাকী জিলা কেইখনত য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে। কাৰছিংছা এলেকাত হঠাৎ অহা বানে ৪১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা উটুৱাই নিয়ে। ইয়াৰ ফলত নিৰ্জুলি বান্দেৰদেৱা অঞ্চলৰ লগতে ঘাইপথছোৱাৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বাধাগ্রস্ত হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইটানগৰ ৰাজধানী জিলা প্ৰশাসনে নিৰজুলিৰ পৰা বান্দেৰদেৱালৈ ৰাষ্ট্ৰীয় ঘাইপথছোৱাত বন্ধ ঘোষণা কৰিছে। ইয়াৰ লগতে ৰাস্তাটো মেৰামতি সম্পূৰ্ণ নোহোৱালৈকে গুমটো হৈ যান বাহনৰ গতিপথ সলনি কৰা হৈছে।
Assamese | June 19, 2024 8:41 PM | Arunachal Weather
অৰুণাচল প্ৰদেশত নেৰানেপেৰাকৈ প্ৰৱল বৰষুণ অব্যাহত