কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ অহা ৭ নৱেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ গুৱাহাটীত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমতী সীতাৰমণে প্রথমে উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু গেটৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থাকিব। এই প্রকল্পই গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে সেইদিনাই জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব।
শ্ৰীমতী সীতাৰমণে ৮ নৱেম্বৰত বিশ্বনাথ জিলাৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহ বাগিচাত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যৰ উচ্চশিক্ষা খণ্ডত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে নিৰ্মাণ কৰিবলৈ লোৱা এই বিশ্ববিদ্যালয়খন ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ভোলাগুৰিত ৭৪০ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হ’ব। বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয়সমূহৰ লগতে কৃত্রিম বুদ্ধিমত্তা, ৰব’টিক ছায়েন্স, থ্রীডি প্রিণ্টিঙকে ধৰি আধুনিক বিষয়সমূহ অন্তর্ভুক্ত হ’ব।
Assamese | November 5, 2025 8:03 PM | Nirmala Sitharaman Visit
অহা ৭ নৱেম্বৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দুদিনীয়া অসম ভ্ৰমণ