ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৫ দিনলৈ উত্তৰ-পূব ভাৰতত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগটোৱে অহা বুধবাৰলৈ কেৰালাৰ মাহে আৰু কৰ্ণাটকত বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। তদুপৰি জম্মু, কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজাফ্ফ্ফৰবাদ, হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড় আৰু নতুন দিল্লীতো অহা বুধবাৰলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। উত্তৰ-পশ্চিম ভাৰতৰ কোংকান আৰু গোৱাতো অহা মঙলবাৰলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। আনহাতে পশ্চিমবংগ আৰু ছিকিমত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা প্রকাশ কৰিছে। বিভাগটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি পশ্চিম ৰাজস্থানত অহা তিনিদিনত ধূলিৰ ধুমুহা অহাৰ সম্ভাৱনা আছে।
Assamese | June 1, 2025 9:17 PM | IMD Alert North East
অহা ৫ দিনলৈ উত্তৰ-পূব ভাৰতত প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ