অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা ৫ জুলাইত অনুষ্ঠিত হ’ব। এই পৰীক্ষা স্বচ্চ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।
জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে।
প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নীৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
তেজপুৰতো এ পি এছ চি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্রশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ’বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে।