September 24, 2026 8:50 PM | Manah national park

printer

অহা ২ অক্টোবৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প মুকলি

পর্যটকসকলৰ বাবে সুখবৰ কঢ়িয়াই বাৰিষা কালছোৱা পাৰ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ২০২৬-২৭ বৰ্ষৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প অহা ২ অক্টোবৰৰ পৰা মুকলি কৰা হ’ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া নিতীশ বড়োৱে আজি সংবাদ মাধ্যমৰ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ জানিবলৈ দিয়া অনুযায়ী ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বিতীয় প্রবেশদ্বাৰত এটা বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে চলিত বৰ্ষৰ বাবে উদ্যানখন পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।