সংসদৰ বাজেট অধিবেশন অহা ২২ জুলাইত আৰম্ভ হ’ব। এই অধিবেশনৰ ১২ আগষ্টত সামৰণি পৰিব। ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। বিত্ত মন্ত্ৰী সীতাৰমনে লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তৱৰ্তী বাজেট উত্থাপন কৰিছিল। এইবাৰৰ বাজেটে দেশৰ দ্ৰুত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পৰাকৈ বিভিন্ন সুবিধা নিশ্চিত কৰাৰ লগতে অধিক নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পৰৱৰ্তী ৫টা বছৰ ভাৰতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত নির্ণায়ক হ’ব বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় অর্থনীতিয়ে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৮.২ শতাংশ হাৰত বিকাশ লাভ কৰাৰ সময়ত এইবাৰৰ বাজেটে গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। সম্প্ৰতি বিশ্বৰ অন্যতম দ্রুত বিকশিত অর্থনীতি হিচাপে বিবেচিত ভাৰতৰ মুদ্রাস্ফীতি ৫ শতাংশতকৈ নিম্নগামী হৈছে।
Assamese | July 18, 2024 5:00 PM | Budget 2024 | Parliament House | Parliament of India
অহা ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিবেশন আৰম্ভ হ’ব