July 3, 2026 12:41 PM

printer

অহা ১০ আগষ্টৰ পৰা ১০ লাখ ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যখনক সেউজ কৰি তোলাৰ বাবে অহা ১০ আগষ্টৰ পৰা ১০ লাখ ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে বৃক্ষবন্ধু আঁচনিৰ অধীনত ৰাজ্যত ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে এই গছপুলিসমূহ চোৱাচিতা কৰাৰ বাবে এগৰাকী জব কার্ড কর্মীক বিশেষ দায়িত্ব দিয়া হ’ব। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতেই ফল-মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে।

আনহাতে, ড্ৰোণৰ সহায়ত বীজ ছটিয়াই চৰ-চাপৰি সেউজ কৰাৰো ৰাজ্য চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে । জন্মদিন সেউজ শপত উদ্যান শীর্ষক আন এখন আঁচনিৰ বিষয়েও সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিবেশ সেউজীয়া কৰাত সহায় কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।