অহা মাহৰ প্ৰথম ভাগতে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন মুকলি কৰাৰ বাবে নিৰ্মাণকাৰী সংস্থাই প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। দলংখনৰ নিৰ্মাণৰ ৯০ শতাংশ কাম প্রায় সম্পূর্ণ হৈছে বুলি লোক নির্মাণ বিভাগৰ কৰ্তৃপক্ষৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰৰ জানুৱাৰীত দলংখন মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে। ছটা লেনযুক্ত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে দিনে-নিশাই কাম অব্যাহত আছে।
Assamese | December 1, 2025 6:57 PM | guwahati north guwahati bridge
অহা মাহৰ প্ৰথম ভাগতে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি