বাংলাদেশৰ তত্ত্বাৱধায়ক চৰকাৰৰ মুৰববী ড০ মহম্মদ ইউনুছে অহা বছৰৰ শেষ ভাগ অথবা ২০২৬ ৰ প্রথমভাগত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। বাংলাদেশৰ বিজয় দিৱস উপলক্ষে টেলিভিছনক দিয়া এটা সাক্ষাৎকাৰত ড০ ইউনুছে কয় যে নির্বাচনী সংস্কাৰ আয়োগ আৰু সংবিধান সংস্কাৰ আয়োগৰ পৰামৰ্শৰ আধাৰত নিৰ্বাচনী বিধিৰ সংশোধন ঘটোৱা হ’ব আৰু তাৰ পাছতহে দেশখনত পৰৱৰ্তী সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব। উল্লেখযোগ্য যে বাংলাদেশৰ অন্যতম প্ৰধান ৰাজনৌতিক দল – বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে দেশখনত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যোৱা তিনি মাহ ধৰি তত্ত্বৱধায়ক চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে।
Assamese | December 16, 2024 7:29 PM | Bangladesh Election
অহা বছৰৰ শেষ ভাগ অথবা ২০২৬ৰ প্রথমভাগত বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ সম্ভাৱনা