অসম ৰাজ্যিক শিক্ষা পৰিষদে ৰাজ্যখনত পৰীক্ষাসমূহ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ বিদ্যালয় পৰিদৰ্শক আৰু শিক্ষা বিভাগৰ সৈতে জড়িত ব্যক্তিক লৈ জিলা পৰ্যায়ত একোখন নিৰীক্ষণ কমিটি গঠন কৰিছে। ইয়াৰ দ্বাৰা পৰীক্ষা পৰিচালনাৰ ব্যৱস্থাটো স্বচ্ছ আৰু নিকা কৰি তুলিবলৈ বিচৰা হৈছে।
আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি অসম ৰাজ্যিক শিক্ষা পৰিষদৰ মণ্ডল এক আৰু দুইৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসে এই কথা প্ৰকাশ কৰে। তেওঁলোকে কয়, যে পৰীক্ষা ব্যৱস্থা নিকা কৰাৰ বাবে পৰীক্ষা চলি থকা সময়ত পৰীক্ষা কেন্দ্ৰসমূহত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব। পৰীক্ষাৰ্থীক তালাচী চলোৱাৰ নামত যাতে তেওঁলোকক কোনো ধৰণে হাৰাশাস্তি কৰা নহয় সেই কথা লক্ষ্য ৰখা হব বুলিও তেওঁলোকে প্ৰকাশ কৰে। এই অনুষ্ঠানটোৰ আঁত ধৰে বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে ।
Assamese | January 26, 2025 11:41 AM | Dristipat-Akashvani GHY
অসম ৰাজ্যিক শিক্ষা পৰিষদে ৰাজ্যখনত পৰীক্ষাসমূহ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাত নিৰীক্ষণ কমিটি গঠন কৰিছে