অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ আজি দ্বিতীয় দিনা অনুষ্ঠিত গ্রন্থ উন্মোচনী সভা সাহিত্য একাডেমী বঁটাপ্রাপক সাহিত্যিক নন্দেশ্বৰ দৈমাৰীয়ে উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখনত আদৰণি সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে আদৰণি ভাষণ দিয়ে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য তথা দৈনিক অসম কাকতৰ সম্পাদক হীতেশ ডেকাই সভাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে। এই গ্ৰন্থ উন্মোচনী সভাত ১৭০খনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হয়। সভাত সাহিত্য একাডেমী বঁটা প্ৰাপক সাহিত্যিক দীপক কুমাৰ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা দীপ্তি ফুকন পাটগিৰি, অৱসৰপ্ৰাপ্ত প্ৰশাসনীক বিষয়া তথা সাহিত্যিক থানেশ্বৰ মালাকৰকে ধৰি ভালেসংখ্যক লোক এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে। অধিবেশনত আজি আবেলিৰ ভাগত জনগোষ্ঠীয় সাহিত্য সন্মিলনো অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে, অধিৱেশনৰ আজি দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন আৰু শহিদ তৰ্পন কাৰ্যসূচী সম্পন্ন হয়।
Assamese | February 1, 2025 7:07 PM | Asom Sahitya Sabha
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ আজি দ্বিতীয় দিন