গুৱাহাটী মহানগৰৰ গড়চুক আৰক্ষীয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগত আজি অসম সচিবালয়ৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ বিষয়া দেবলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে অভিযুক্ত বিষয়াগৰাকীয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ আশ্বাস দি তিনিজন লোকৰ পৰা ৪৫ লাখ টকা উৎকোচ লৈছিল। এই বিষয়ে ভুক্তভোগী লোককেইজনে আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে।
Assamese | September 10, 2026 7:50 PM | Arrest
অসম সচিবালয়ৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ বিষয়া দেবলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ