জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিয়লি দিছপুৰৰ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত অনুষ্ঠিত এখন বৈঠকত ছহিদ দিৱসৰ প্ৰস্তুতিৰ বুজ লয়। বৈঠকত ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলক যথোচিত সন্মান প্রদান আৰু আসন্ন ছহিদ দিৱসৰ কাৰ্যসূচী সুচাৰুৰূপে পালনৰ বিষয়ে বিতংভাবে আলোচনা কৰা হয়। অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰা, বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা মন্ত্রী কেশৱ মহন্তৰ লগতে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে।
Assamese | November 26, 2025 8:55 PM | Martyrs Day
অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ছহিদ দিৱসৰ প্ৰস্তুতিৰ আলোচনা