মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি শক্তি বিভাগৰ এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত বিভাগটোৰ অধীনস্থ বাহ্যিক সাহাৰ্যপ্রাপ্ত প্রকল্পসমূহৰ অগ্রগতি পৰ্যালোচনা কৰা হয়। তদুপৰি অসম বিদ্যুৎ সঞ্চালন ব্যৱস্থা শক্তিশালীকৰণ প্ৰকল্পৰ অগ্রগতি সন্দর্ভতো বৈঠকত আলোচনা কৰা হয়।
ৰাজ্যৰ উদীয়মান উদ্যোগ খণ্ডৰ বাবে নিৰ্ভৰযোগ্য শক্তি সুনিশ্চিত কৰাৰ লগতে নিকাশক্তি সংবর্ধন কৰা সন্দর্ভতো বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি গ্ৰামীণ বৈদ্যুতিকীকৰণ ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ লগতে পাৱাৰ গ্ৰীডসমূহ অধিক শক্তিশালী কৰা সন্দর্ভতো বৈঠকত আলোচনা কৰা হয়।