অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ দৰ্শন কৰে। বিজেপিৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে সত্ৰৰ সমীপৰ নহাটীত দলীয় কর্মকর্তা আৰু ৰাইজৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠানটিও শুনে। শ্রীশইকীয়াই ইয়াৰ পাছত পুনৰ সত্ৰত উপস্থিত হৈ কীৰ্তন ঘৰৰ চৌদিশ পৰিদৰ্শন কৰে। সভাপতিগৰাকীয়ে ৰাজ্য চৰকাৰে সত্ৰ, নামঘৰ আদিকে ধৰি ধৰ্মীয় স্থানসমূহৰ উন্নয়নৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। বিশেষকৈ অসম দৰ্শন আঁচনিৰ অধীনত সত্ৰ, নামঘৰ আদিত যথেষ্ট উন্নয়ন সাধন কৰা হৈছে বুলি তেওঁ কয়। বৰদোৱাৰ দৰে বৰপেটা সত্ৰ উন্নয়নৰ বাবেও অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি শ্ৰীশইকীয়াই কয়,যে বৰপেটাতে মহাপুৰুষ দুজনাই অধিক সময় অতিবাহিত কৰিছিল। সেয়েহে বৰপেটাত থকা গুৰু দুজনাৰ স্মৃতি আৰু কৰ্মৰাজিৰ সংৰক্ষণৰ বাবে চৰকাৰে কাম কৰি আহিছে আৰু আগন্তুক দিনত যথেষ্ট কাম কৰিব। ইয়াৰ বাবে ৰাইজৰ সহযোগিতা লাগিব বুলি প্ৰকাশ কৰি সভাপতিগৰাকীয়ে সত্ৰত উপস্থিত হৈ যথেষ্ট আনন্দিত আৰু উৎসাহিত হোৱা বুলি কয় ।
Assamese | January 19, 2025 7:32 PM | Dilip Sailika MP
অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ দৰ্শন