দক্ষতা, নিবনুৱা আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মঙলদৈত নির্মীয়মান অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ গুৱাহাটীত থকা অস্থায়ী চৌহদ পৰিদৰ্শন কৰে। মন্ত্ৰী শ্ৰীমল্লবৰুৱাই পৰিদৰ্শনৰ অন্তত সংবাদমাধ্যমৰ আগত কয় যে, অহা জুলাই মাহৰ পৰা দক্ষতা বিকাশৰ ৪টা পাঠ্যক্ৰম আৰম্ভ হ’ব। অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কাম পূর্ণগতিত চলি আছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে, ২০২৬ চনৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব।
Assamese | June 12, 2024 6:16 PM | Jayanta Malla Baruah
অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ অস্থায়ী চৌহদ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ