ৰাজ্য চৰকাৰে অসম জুৰি বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। কালি ডিব্ৰুগড়ৰ মাইজানৰ নগাধূলি ঘাটৰ জলসম্পদ প্রকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্রণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ পৰিৱেশৰ স্থায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছ পুলি ৰোপন কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা-সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাতো গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শন কালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে।
Assamese | July 16, 2026 11:47 AM | Governor dibrughar
অসম জুৰি বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰৰ ব্যাপক পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাজ্যপালৰ প্ৰকাশ