অসম জাতীয় বিদ্যালয়ৰ ৩২সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বিশিষ্ট লেখক, নাট্যকাৰ, অভিনেতা তথা ৰাজনীতিবিদ লক্ষ্যধৰ চৌধুৰীৰ বহুপাঠিত গ্রন্থ মানুহ বিচাৰিৰ ইংৰাজী অনুবাদ Commonly Uncommon : Stories We Live With আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সচিব ড০ নাৰায়ণ শর্মা, সভাপতি দিলীপ দত্ত চৌধুৰী আৰু বিদ্যালয়খনৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে। উল্লেখযোগ্য যে অনুবাদ গ্ৰন্থখনৰ লেখক পূজা ৰাজকুমাৰী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন বাতৰি সম্পাদক।
Assamese | January 1, 2025 8:48 PM | asom jatia bidyalaya
অসম জাতীয় বিদ্যালয়ৰ ৩২সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, গ্ৰন্থ উন্মোচন