অসম চুক্তিৰ ৬ নম্বৰ দফা কার্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ’ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কবচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত আলোচনা কৰা হ’ব। কাইলৈ দিছপুৰৰ লোকসেৱা ভৱনত এই আলোচনা অনুষ্ঠিত হ’ব। আলোচনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যলৈ ইতিমধ্যে আনুষ্ঠানিক আমন্ত্রণপত্ৰ প্ৰেৰণ কৰা হৈছে।
Assamese | February 15, 2025 6:47 PM | assam accord cm aasu meeting
অসম চুক্তিৰ ৬ নম্বৰ দফা কার্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী আৰু আছুৰ মাজত আলোচনা