অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধান সন্দৰ্ভত বিশ্বনাথ জিলা আয়ুক্তৰ সভাকক্ষত আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই সভাপতিত্ব কৰে। বিশ্বনাথ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থকা এই বৈঠকত বিহালী সংৰক্ষিত বনাঞ্চলকে ধৰি বিশ্বনাথ জিলাৰ অসম-অৰুণাচল প্রদেশ সীমান্তৱৰ্তী এলেকাৰ সীমা সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত বিশ্বনাথৰ জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আচিফ আহমেদ, অতিৰিক্ত আয়ুক্ত প্রভাত পেগু, অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱৰ্ষি চৌধুৰী, চক্ৰ বিষয়া, পূব শোণিতপুৰ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক, বনাঞ্চলিক বিষয়া আদিকে ধৰি ভালেসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।
Assamese | September 24, 2026 8:44 PM | Assam
অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধান সন্দৰ্ভত বিশ্বনাথ জিলা আয়ুক্তৰ সভাকক্ষত পর্যালোচনা বৈঠক অনুষ্ঠিত