অসমৰ ১২ বিধ সামগ্ৰীয়ে ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগ লাভ কৰিছে। সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, অসমৰ বিহু ঢোল, জাপি, মিচিং হস্ত-তাঁত সামগ্রী, পানী মেটেকা শিল্প আৰু আশাৰীকান্দিৰ পোৰামাটিৰ শিল্পক জি আই টেগ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে জথা, গগণা, খাম, চেৰচা আৰু চিফুঙেও জি আই টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। বড়ো কৃষিভিত্তিক সামগ্ৰী খাৰদ্বিয়েও এই টেগ লাভ কৰিছে। জি আই টেগ লাভ কৰাৰ পাছতে সৰ্থেবাৰীৰ কাঁহ শিল্পৰ সৈতে জড়িত লোকসকল উৎফুল্লিত হৈ পৰিছে। অসম সমবায় কঁহাৰ সংস্থাৰ সম্পাদক তথা কাঁহ শিল্পী মনোজ কুমাৰ ভূঞাই কয় যে, ১২ বছৰৰ চেষ্টাৰ অন্তত লাভ কৰা এই স্বীকৃতি কাঁহ শিল্পক সুৰক্ষা প্ৰদান কৰিব। উল্লেখযোগ্য যে, জি আই স্বীকৃতি নথকাৰ ফলত নকল কাঁহৰ সামগ্ৰীয়ে বজাৰ দখল কৰাত এই শিল্পটোৰ সৈতে জড়িত লোকসকল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। শেহতীয়াকৈ লাভ কৰা এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ বজাৰ মূল্য সুৰক্ষিত কৰাত সহায় হ’ব বুলি আশা কৰা হৈছে।
Assamese | March 31, 2024 7:33 PM | GITag
অসমৰ ১২ বিধ সামগ্ৰীৰ জি আই টেগ লাভ