কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰে। শেহতীয়া বানত ৪৭ জন লোকে প্ৰাণ হেৰুৱালগীয়া হোৱাত তেওঁ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
ৰাজ্য চৰকাৰৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি আজি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব বুলি উল্লেখ কৰি তেওঁ এইদৰে কয়।