নিৰ্বাচন আয়োগে অসমৰ দুখন আসনসহ ৯ খন ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। অসমৰ সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা শেহতীয়া লোকসভালৈ নিৰ্বাচিত হোৱা খালী হোৱা আসন দুখনৰ বাবে নির্বাচন হ’ব। অহা ১৪ আগষ্টত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ’ব। ইচ্ছুক প্ৰাৰ্থীয়ে ২১ আগষ্ট পর্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু ২২ আগষ্টত মনোনয়নসমূহ পৰীক্ষা কৰা হ’ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ আৰু ২৭ আগষ্ট ধাৰ্য কৰা হৈছে। ৩ ছেপ্তেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।
Assamese | August 7, 2024 7:44 PM | Assam Election | ECI
অসমৰ দুখন আসনসহ ৯ খন ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ সূচী ঘোষণা নিৰ্বাচন আয়োগৰ