অসমে উচ্চ গতিসম্পন্ন আঞ্চলিক ৰে’ল নেটৱৰ্ক বিকশাই তোলাৰ সম্ভাৱনাৰ অন্বেষণ কৰি আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

অসমে দিল্লী-মিৰাট আঞ্চলিক দ্রুত ৰে’ল প্ৰণালীৰ লেখীয়া উচ্চ গতিসম্পন্ন আঞ্চলিক ৰে’ল নেটৱৰ্ক বিকশাই তোলাৰ সম্ভাৱনাৰ অন্বেষণ কৰি আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ড° শর্মাই আজি সামাজিক মাধ্যমযোগে এইদৰে প্ৰকাশ কৰে।

তেওঁ কয়, যে ৰাজ্যৰ গুৰুত্বপূর্ণ বিকাশ ক্ষেত্ৰসমূহৰ মাজত সংযোগ সাধন কৰি সম্ভাব্য আঞ্চলিক দ্রুত পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে এছিয়া বিকাশ বেংক এ ডি বিৰ সৈতে প্ৰাৰম্ভিক আলোচনা চলি আছে।

ইপিনে, নতুন দিল্লীত আয়োজিত গোলকীয় ব্যৱসায় সন্মিলনত অংশগ্রহণ কৰি ড° শর্মাই আজি উদ্যমীসকলক ৰাজ্যত বিনিয়োগ কৰিবলৈ আৰু নতুন সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ৰাজ্যক দেশৰ নতুন ঔদ্যোগিক কেন্দ্র হিচাপে গঢ়ি তোলাৰ ৰূপৰেখা বিষয়ে আলোকপাত কৰে।