উচ্চতম ন্যায়ালয়ে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ১০০ শতাংশ পুনৰীক্ষণৰ বাবে দাখিল কৰা আবেদন সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ভাৰতৰ মহা পঞ্জীয়কলৈ জাননী জাৰি কৰিছে। লগতে বৰ্তমান ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অসমৰ মুখ্যসমন্বয়ক গৰাকীলৈকো সর্বোচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে। অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাক্তন সমন্বয়ক তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হিতেশ দেৱশৰ্মাই যোৱা জুলাই মাহত এই সন্দৰ্ভত দাখিল কৰা আবেদন আজি ন্যায়াধীশ পি নৰসিমহা আৰু ন্যায়াধীশ অতুল চন্দুৰকাৰকলৈ গঠিত খণ্ড বিচাৰপীঠে বিচাৰৰ বাবে গ্ৰহণ কৰে আৰু সংশ্লিষ্ট পক্ষলৈ জাননী জাৰি কৰে।
Assamese | August 22, 2025 7:53 PM | NRC-SC
অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ১০০% পুনৰীক্ষণৰ বাবে দাখিল কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী