অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত সামুহিক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্রহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে একবিংশ শতিকাৰ ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি গৈ আছে। দেশৰ আকাংক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে আজিৰ ভাৰত এনে এখন ৰাষ্ট্ৰ যিয়ে অধিক উন্নয়ন আৰু সাফল্য লাভত বিশ্বাসী।

অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত আজি এটা সামুহিক অনুষ্ঠানত অংশগ্রহণ কৰি শ্রী মোদীয়ে ছিডনীত প্রবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰাৰ কথা স্মৰণ কৰি কয়, যে তেওঁ মেলবৰ্ণৰ প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও বাৰ্তালাপ কৰিবলৈ আগ্রহী। প্রধানমন্ত্রীয়ে কয়, যে ২০১৪ চনত তেওঁ যেতিয়া প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল, সেয়া আছিল ২৮ বছৰ পাছত কোনো এগৰাকী ভাৰতীয় প্রধানমন্ত্রীৰ অষ্ট্ৰেলিয়া ভ্রমণ।

শ্রী মোদীয়ে কয়, যে যোৱা ১২ বছৰত এয়া হৈছে তেওঁৰ তৃতীয়টো অষ্ট্ৰেলিয়া ভ্রমণ। ইয়াক হেট্রিক বুলি অভিহিত কৰি তেওঁ এই ভ্রমণে ভাৰত অষ্ট্ৰেলিয়াৰ শক্তিশালী সম্পৰ্কৰ নতুন উচ্চতাক প্রতিফলিত কৰে বুলি কয়।

দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি শ্রী মোদীয়ে কয়, যে বিশ্বৰ সৰ্ববৃহৎ ক্রিকেট ষ্টেডিয়ামৰ গৃহ আহমেদাবাদ আৰু প্রতিষ্ঠিত ক্রিকেট ষ্টেডিয়ামৰ বাবে বিখ্যাত মেলবর্ণ হৈছে দুয়োখন ৰাষ্ট্ৰই শ্বেয়াৰ কৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংযোগৰ প্রতীক। তেওঁ কয়, যে অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্টনী আলবানিজে তেওঁৰ আন্তৰিকতা আৰু সদিচ্ছাৰে ভাৰতীয় সমাজৰ হৃদয় জয় কৰিছে।

সভাত ভাষণ দি অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্টনী আলবানিজে কয়, যে এই অনুষ্ঠানত দেখা পোৱা উৎসাহে অষ্ট্ৰেলিয়া-ভাৰত অংশীদাৰিত্বৰ শক্তিকে প্রতিফলিত কৰিছে।