কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই অলিম্পিক আন্দোলনলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে অলিম্পিক অৰ্ডাৰ সন্মান লাভ কৰা ভাৰতীয় শ্বুটাৰ অভিনৱ বিন্দ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খেলুৱৈগৰাকীৰ এই কৃতিত্বই সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে, সঁচাকৈয়ে এগৰাকী যোগ্য খেলুৱৈ হিচাপে শ্রীবিন্দ্ৰাই এই সন্মান লাভ কৰিছে। খেলুৱৈগৰাকীয়ে শ্বুটিঙৰ সৈতে জড়িত খেলুৱৈসকলৰ উপৰি অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈসকলকো অনুপ্ৰাণিত কৰি আহিছে বুলি ড০ মন্দাভিয়াই প্রকাশ কৰে।
Assamese | July 23, 2024 10:35 AM | Peris Olympic
অলিম্পিক অৰ্ডাৰ সন্মান লাভ কৰা ভাৰতীয় শ্বুটাৰ অভিনৱ বিন্দ্ৰাক কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ অভিনন্দন জ্ঞাপন